কোকৰাঝাৰত শ্ৰীশ্ৰী জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰা দেৱীৰ ৰথযাত্ৰাৰ সামৰণি

 07/12/2019 - 21:50

কোকৰাঝাৰঃ বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰৰ ভৱানীপুৰ গোবিন্দ মন্দিৰ প্ৰাংগনত যোৱা চাৰি জুলাইৰ পৰা নদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা শ্ৰীশ্ৰী জগন্নাথ, বলোভদ্ৰ আৰু সুভদ্ৰা দেৱীৰ ৰথযাত্ৰা মহোৎসৱৰ আজি সামৰণি পৰে৷ আজিৰ অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি তিতাগুড়িৰ ভৱানীপুৰ ৰাধাগোবিন্দ মন্দিৰ প্ৰাংগণৰ পৰা কদমতলা হৈ সহস্ৰাধিক ভক্তৰ উপস্থিতিত জে.ডি.পথ, শান্তিনগৰ, সুভাষপল্লী হৈ কোকৰাঝাৰ চহৰৰ মাজেদি এক বিশাল ৰথযাত্ৰা উলিওৱা হয়৷

অন্তিম দিনৰ ৰথযাত্ৰাৰ মাংগলিক অনুষ্ঠান আৰু মংগল উৰুলিৰ মাজত শুভ উদ্বোধন কৰি বিশিষ্ট সমাজকৰ্মী অৰুপ কুমাৰ দে’ই ৰথযাত্ৰা মহোৎসৱৰ তাপপৰ্য বাখ্যা কৰে। উল্লেখ্য যে ৰাধা গোবিন্দ মন্দিৰৰ উপৰিও কোকৰাঝাৰ কালী মন্দিৰ প্ৰাংগণত চলি থকা ৰথযাত্ৰা মহোৎসৱৰো আজি সামৰণি পৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।