ৰঙিয়াত পথ দুৰ্ঘটনাঃ নিহত ১

 07/13/2019 - 11:55

ৰঙিয়াঃ ৰঙিয়া ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেপ্তিত শুকুৰবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় এজন বাইক আৰোহী। AS 14K 1794 নম্বৰৰ পালচাৰ বাইকত পাঠশালা অভিমুখে গৈ আছিল পালচাৰ আৰোহীজন।

পিচফালৰ পৰা তীব্ৰবেগী ট্ৰাকে খুন্দা মৰাৰ ফলত নিহত হয় বাইক আৰোহীজন। মৃত ব্যক্তিজন জলসম্পদ বিভাগৰ কৰ্মচাৰী পাটাচাৰকুছিৰ নাজিমুদ্দিন বুলি জানিব পৰা গৈছে। মৃতদেহটো ৰঙিয়া আৰক্ষী থানাৰ মৰ্গত ৰখা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।