পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ ব্যক্তি

 07/13/2019 - 12:03

ওৰাংঃ ওৰাঙৰ বৰঝাৰত ৯ দিন ধৰি সন্ধানহীন হৈ আছে এজন ব্যক্তি। যোৱা ৩ জুনতে ঘৰৰ পৰা কোম্পানীত কাম কৰাৰ উদ্দেশ্যৰে জন্মু কাশ্মীৰলৈ বুলি ভনীয়েকৰ সৈতে ওলাই গৈছিল আৰাধন সিংহ (৬০) নামৰ ব্যক্তিজন। জন্মু-কাশ্মীৰলৈ গৈ থকা অবস্থাতে আধাবাটতে মানসিক ৰোগীৰ দৰে আচৰণ কৰিবলৈ লয় ব্যক্তিজনে। পাছত লক্ষ্ণৌ ৰে’ল ষ্টেচনতে জন্মু-কাশ্মীৰলৈ লৈ যোৱা নিজৰ ভনীয়েকে এৰি থৈ যায় ব্যক্তিজনক।

তাৰ পিছৰে পৰাই বৰ্তমানলৈকে সন্ধান পোৱা নাই ব্যক্তিজনৰ। আজি ৯ দিনে আৰাধন সিংহ নামৰ ব্যক্তিগৰাকীৰ সন্ধান নাপাই বিমূৰত পৰিছে পৰিয়ালটোৱে। এই দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জন কাৰি ব্যক্তি আছিল সন্ধানহীন হৈ থকা আৰাধন সিংহ। যাৰ ফলত এতিয়া আৰাধন সিংহৰ সন্ধান নাপাই পৰিয়ালটোৱে মানসিকভাৱে ভাগি পৰিছে।

ব্যক্তিগৰাকীক জন্মু কাশ্মীৰত কোম্পানীৰ কাম কৰিবলৈ নিয়া ভনীয়েকৰ ওপৰত সন্দেহ এতিয়া পৰিয়ালৰ লোকৰ। ঘটনাৰ সন্দৰ্ভত দলগাঁও থানাত এজাহাৰ দাখিল কৰিছে সন্ধানহীন আৰাধন সিংহৰ পৰিয়ালৰ লোকে। কোনো লোকে যদি আৰাধন সিংহৰ সন্ধান পাই তেনেহ’লে 8638294279 অথবা 9895694431 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।