আজিৰে পৰা মালিগাঁৱত ৰাজ্যিক ছাব জুনিয়ৰ উশ্বু চেম্পিয়নশ্বিপ

 07/13/2019 - 12:31

উত্তৰ গুৱাহাটীঃ মালিগাঁৱৰ এন এফ ৰে’লৱে ইণ্ডোৰ ষ্টেডিয়ামত আজিৰে পৰা দুদিনীয়াকৈ ১৬ সংখ্যক ৰাজ্যিক ছাব জুনিয়ৰ উশ্বু চেম্পিয়নশ্বিপ অনুষ্ঠিত হ’ব। কামৰূপ জিলা উশ্বু এছচিয়েছন অন্তৰ্গত মালিগাঁও ট্ৰেনিং চেণ্টাৰৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নশ্বিপখনিত ৰাজ্যৰ ৩৫০ গৰাকী ল’ৰা-ছোৱালীয়ে অংশগ্ৰহণ কৰিব। উশ্বু এছচিয়েছন অব্ আছামৰ ৰাজ্যিক প্ৰচাৰ সম্পাদক গনেশ শীলে জানিবলৈ দিয়ে দিয়া মতে ৰাজ্যিক প্ৰতিযোগিতাখনিত মুঠ ২৫ খন জিলাৰ এছচিয়েছনে যোগদান কৰিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।