নগাঁও আইন সেৱা প্ৰাধিকাৰীৰ পদক্ষেপঃ মানসিক ৰোগীৰ বাবে "অনুভূতি" শীৰ্ষক প্ৰকল্প গ্ৰহণ

 07/13/2019 - 12:57

বেবেজীয়াঃ মানসিক বিকাৰগ্ৰস্ত লোকসকলৰ বাবে আমাৰ সাধাৰণ লোকসকলৰ দৰেই আইনগত অধিকাৰ কিছুমান আছে। এই অধিকাৰখিনি সুনিশ্চিত কৰিবৰ বাবেই মানসিক স্বাস্থ্য পৰিচৰ্যা আইন ২০১৮ এখন নতুন আইন প্ৰণয়ন কৰা হৈছে। এই আইনৰ আধাৰত প্ৰত্যেক মানসিক বিকাৰগ্ৰস্ত লোকে বিনামূলীয়া চিকিৎসা, থকা আৰু তেওঁলোকৰ যিখিনি সা-সম্পত্তিৰ ওপৰত অধিকাৰ পাব লাগে সেই অধিকাৰসমূহ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত জিলা আইনসেৱা প্ৰাধিকাৰীসকলে কাম কৰি আছে।

নগাঁও জিলা আইনসেৱা প্ৰাধিকাৰীয়েও মানসিক বিকাৰ গ্ৰস্ত লোকসকলক সকলো ধৰণৰ আইনী সাহায্য প্ৰদান কৰাৰ উদ্দেশ্যে আৰু তেওঁলোকৰ যি সাংবিধানিক অধিকাৰ আছে সেই অধিকাৰখিনি সুনিশ্চিত কৰাৰ বাবে "অনুভূতি" নামৰ প্ৰকল্প হাতত লৈছে। শুকুৰবাৰে তেওঁলোকে নগাঁও জাজৰী আৰক্ষী থানাৰ অন্তৰ্গত গোসাঁইবড়িৰ ৩১ বছৰীয়া গোবিন্দ বৰা নামৰ এজন মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱকক জাজৰী আৰক্ষী থানাৰ সহযোগত নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ বাবে লৈ যায়। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি যুৱকজনে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে। যুৱকজনে গাঁৱৰ মানুহলৈ শিল গুটি দলিয়াই বুলি জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।