মোডী বোলে আম্বানীৰ চকীদাৰ!

 03/23/2019 - 19:03

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক শনিবাৰে বিহাৰৰ পুৰ্ণিয়াত সম্বোধন কৰা এক জনসভাত ঠাট্টা কৰিলে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে।২০১৯ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে শাসক-বিৰোধী দলসমূহ।

জনমানসত কেনেকৈ ইটো দলৰ ভাৱমূৰ্তি সিটো দলে হেয় কৰিব পাৰে তাৰো যেন জোৰদাৰ আখৰা চলিছে।

বিজেপিৰ 'ম্যে ভি চকীদাৰ’ প্ৰচাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে ৰাহুল গান্ধী। কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে কয়- ‘প্ৰথমে কৈছিল মই প্ৰধানমন্ত্ৰী হোৱাৰ পাছত ৰাইজে যি বিচাৰে তাকেই পাব। এতিয়া কৈছে, আমি সকলো চকীদাৰ। চকীদাৰ ধনী মানুহৰ ঘৰত থাকে নে দুখীয়াৰ?

তেওঁ চকীদাৰ কিন্তু দৰিদ্ৰ শ্ৰেণীৰ লোকৰ নহয়, অনিল আম্বানীৰহে চকীদাৰ।’

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।