দৰঙৰ ধূলা-টাংনী চাহ বাগিচাত ৰথ পূজা পালন

 07/13/2019 - 13:42

খাৰুপেটিয়াঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত উলহ মালহেৰে উদযাপন হয় ৰথ যাত্ৰা। ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে দৰং জিলাৰ ধূলা থানাৰ অন্তৰ্গত টাংনী চাহ বাগিচাত পালন কৰে ৰথ যাত্ৰা। প্ৰত্যেক বছৰৰ দৰে এই বছৰো বৃহত্তৰ টাংনী বাগিছাৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলে একত্ৰিত হৈ ২৬ সংখ্যক ৰথ যাত্ৰা অনুষ্ঠিত কৰে। অঞ্চলটোৰ আদিবাসী, বঙালী, বড়ো আদি লোকসকল একত্ৰিত হৈ ৰথ যাত্ৰা উৎসৱত নৃত্য পৰিবেশ কৰে।

উল্লেখ্য যে এই ৰথ যাত্ৰাত হিন্দু ধৰ্মৱালম্বীৰ লগতে অইন ধৰ্মৰ লোকসকলেও অংশগ্ৰহণ কৰে। আনহাতে ঝুমুৰ নৃত্য পৰিবেশন কৰে আদিবাসী যুৱক-যুৱতীসকলে। টাংনীৰ পৰা আৰম্ভ কৰি ধূলা হৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথলৈকে ৰথ যাত্ৰা চলায়। পৰৱৰ্তী সময়ত পূজা-প্ৰাৰ্থনা কৰি ৰথ যাত্ৰাৰ সামৰণি পেলায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।