উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ দশম শ্ৰেণীৰ বিশেষ পাঠদান সমাপ্ত

 07/13/2019 - 13:51

উত্তৰ গুৱাহাটীঃ আজি অন্ত পৰে উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চলি থকা বিশেষ পাঠদান। ১ জুলাই পৰা নিতৌ ছাত্ৰ-ছাত্ৰীসকলৰ মনত থকা পাঠ্যক্ৰমৰ বিভিন্ন বিষয়ত থকা আঁসোৱাহ দূৰ কৰাৰ অৰ্থে আচাৰ্য-আচাৰ্যাসকলে বিশেষ পাঠদান সেৱা আগবঢ়ায়। দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে পাঠদানৰ অন্তত আজি নিকেতন পৰিচালনা সমিতিৰ সদস্যসকলে মতবিনিময় কৰে।

ছাত্ৰ-ছাত্ৰীসকল আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে যথেষ্ট উৎসাহী হোৱা পৰিলক্ষিত হৈছে। এইবাৰ পূৰ্বতকৈ অধিক ফল দেখুৱাব পাৰিব বুলিও উত্তৰ গুৱাহাটীৰ ৰাইজে আশা কৰিছে। পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে আগষ্টৰ শেষৰ ভাগত আইআইটি গুৱাহাটীৰ কেইবাজনো অধ্যাপকে ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন বিষয়ত মাৰ্গদৰ্শন কৰিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।