কুতুব মিনাৰতকৈ ওখ এজোপা গছ! কিন্তু ক’ত আছে এই গছজোপা জানো আহক

 07/13/2019 - 14:04

ডিজিটেল ডেস্কঃ গছ-গছনি অবিহনে মানুহৰ জীৱন অকল্পনীয়। মানুহৰ জীৱনত গছ-গছনিয়ে অকল অক্সিজেন দিয়াই নহয় গোটেই জীৱন চক্ৰত বহুখিনি অৱদান আগবঢ়াই বুলি সকলোৱে জানে। আমি আপোনালোকক এনে এখন দেশৰ কথা ক’ম য'ত কুতুব মিনাৰতকৈয়ো অধিক ওখ গছ পোৱা যায়। কেলিফৰ্ণিয়াস্থিত ৰেদউদ নেচনেল পাৰ্কত বিশ্বৰ সকলোতকৈ ওখ জীৱিত গছ পোৱা যায়।

এই গছজোপাৰ উচ্চতা ক্ৰমে ১১৫.৯২ মিটাৰ। দিল্লীস্থিত কুতুব মিনাৰ, আমেৰিকাৰ সংসদ ভবন আৰু ষ্টেচ্যু অব্ লিৰ্বাটীৰ লগত যদি তুলনা কৰা হয় তেনেহ’লে এই গছৰ উচ্চতা অধিক পোৱা যাব। এই গছজোপাৰ নাম হ'ল হাইপাৰিয়ান। এই গছজোপা ২০০৬ চনৰ ২৫ আগষ্টত প্ৰকৃতিবিদ ক্ৰিচ এটকিন্স আৰু মাইকেল টাইলৰে আৱিষ্কাৰ কৰে। বিশ্বৰ সকলোতকৈ অধিক উচ্চ হোৱাৰ বাবে গ্ৰীনিজ বুক অব্ ৱল্ড ৰেৰ্কড অৰ্জন কৰে এই গছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।