কলগাছিয়াত বানৰ আতংকঃ একাংশই ৰাস্তা কাটি দিয়াৰ অভিযোগ

 07/13/2019 - 14:46

কলগাছিয়াঃ কেবাদিনো ধৰি নেৰেনপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছে ৰাজ্যৰ নৈসমূহৰ পানী। অভাবনীয়ভাৱে উৰ্ধমূখী হৈছে নৈৰ জলপৃষ্ঠ। তাৰে সমান্তৰালকৈ বেকী আৰু মানাহ নৈৰ বাঢ়নী পানীয়ে সংহাৰী ৰূপ লৈছে। বৰপেটা জিলাৰ লগতে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বহুকেইখন গাঁও জলমগ্ন হৈ পৰিছে। কলগাছিয়াকে ধৰি বিভিন্ন অঞ্চল বানে প্লাবিত কৰাৰ লগতে গড়কাপ্টানি বিভাগৰ এটা পথ উটুৱাই নিয়াত পুৱাৰ পৰা যোগাযোগ বিছিন্ন হৈ আছে এই বৃহৎ অঞ্চলটোৰ।

কলগাছিয়াৰ গুনীয়ালগুৰিৰ গাতে লাগি থকা খোলাবান্ধা গাঁৱত বাঢ়নী পানীয়ে নৱজ্যোতি মহাবিদ্যালয়ৰ হৈ দক্ষিণ গুনীয়ালগুৰি সংযোগী পথ Under SOPD(G)ৰ পৰা দুই মাহমান আগতে বিভাগীয় কৰ্তৃপক্ষই পৰ্যবেক্ষণ কৰি গৈছিল। ইতিমধ্যে পথটোৰ কাম ৯০ শতাংশ সম্পূৰ্ণ হৈছিল। উক্ত পথটো বানৰ প্ৰবল সোঁতত ছিঙি যোৱাৰ সম্ভাৱনাত একাংশই বস্তাত বালি মাটি ভৰাই ৰক্ষা কৰাৰ ব্যৱস্থা কৰে আৰু বাঢ়নী পানী ভেটা দিবলৈ যথেষ্ট প্ৰয়াস কৰে।

কিন্তু পুৱাই সাদুলল্লা পিতা আব্দুল মজিদ, ইউনুচ পিতা জুব্বাৰ, মাজেদ আলী পিতা ওৱাহেদ লগতে হাফেজ আলি আৰু বাহাৰ উদ্দিন নামৰ দহ বাৰজনীয়া দলে গড়কাপ্টানি বিভাগৰ ৰাস্তা কাটি পানী ওলাই যাবলৈ দিয়াৰ অভিযোগ উত্থাপন কৰিছে। একাংশই বাধা দিয়াৰ চেষ্টা কৰে যদিও কিছু সময় পিছতেই এই ৰাস্তা ভাঙি পানী ওলাই যায়।

কলগাছিয়া, গুনীয়ালগুৰি, তাপেশ্বৰা, বালাৰপাথাৰ আদি গাঁৱৰ যোগাযোগৰ একমাত্ৰ গড়কাপ্টানি পথটোক একাংশই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে ৰাজহুৱা স্বাৰ্থক আওকাণ কৰি ৰাস্তা কাটি পানী ওলাই যাবলৈ দিয়া আৰু যাতায়াতৰ লগতে ব্যৱসায়ৰ যি হানি কৰিছে তাৰ বিৰুদ্ধে লোকমান আলী নামৰ ব্যক্তি এজনে এক এজাহাৰ দাখিল কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.