বিশ্বকাপত দুৰ্বল প্ৰদৰ্শনৰ বাবে শাস্তিৰ বলি আফগানিস্তান দলৰ অধিনায়ক

 07/13/2019 - 15:54

ডিজিটেল ডেস্কঃ চলিত বিশ্বকাপ ক্ৰিকেটত দুৰ্বল প্ৰদৰ্শন কৰা বাবে শাস্তি বিহা হ’ল আফগানিস্তান দলৰ অধিনায়কক।

বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ পাছতেই আফগানিস্তানৰ অধিনায়ক গুলবাদীন নাইৱৰ স্থানত নিযুক্তি দিয়া হৈছে ৰছিদ খানক। আটাইকেইটা ফৰ্মেটৰ অধিনায়ক পদৰ পৰা আতৰোৱা হৈছে গুলবাদীন নাইৱক।

টেষ্ট, টি-২০, এদিনীয়াত নতুনকৈ অধিনায়ক পদত ৰছিদ খানক নিযুক্তি দিয়াৰ উপৰিও উপ-অধিনায়ক হিচাপে অছগৰ আফগানক দিয়া হৈছে নিযুক্তি। আফগানিস্তান দলৰ নেতৃত্বত এতিয়াৰে পৰা থাকিব ৰছিদ খান।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।