গহপুৰঃ সমগ্ৰ ৰাজ্যৰ লগতে গহপুৰতো অব্যাহত আছে বানৰ তাণ্ডৱ। গহপুৰৰ হেলেমত প্ৰায় সংখ্যক বানপীড়িত ৰাইজ এতিয়া হৈ পৰিছে দিশহাৰা। ঘৰৰ ভিতৰত পানী, ৰাস্তাত পানী, খেতি মাটি সকলো পানীৰ তলত। মুঠৰ ওপৰত এক অসহায় অৱস্থাত সময়বোৰ পাৰ কৰিবলগীয়া হৈছে গহপুৰৰ দক্ষিনাঞ্চলৰ লোহিতমুখ, বৰতামুলী, সৰুতামুলী, বৰদলনী, ঝবৰে চাপৰি আদি গাঁৱৰ লোকসকলে। মুঠৰ ওপৰত সাপ আৰু বেঙৰ সৈতে এতিয়া মানুহে সহবাস কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। প্ৰতিবছৰে বানে জুৰুলা কৰা এই অঞ্চলসমূহত স্বচক্ষে কোনো চৰকাৰী বিষয়া অথবা সংশ্লিষ্ট কৰ্তৃপক্ষৰ লোকে দেখিলেহে উপলব্ধি কৰিব পাৰিব যে বানত ককবকাই কেনেদৰে দিন ৰাতি অনিদ্ৰা-অনহাৰে কটাবলগীয়া হয় ৰাইজে।
লগতে পশু ধনৰ খাদ্যযোগান এক প্ৰধান সমস্যাৰূপে দেখা দিছে এতিয়া উক্ত অঞ্চলসমূহত। লগতে উক্ত অঞ্চলসমূহৰ বিদ্যালয়, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানকে ধৰি দোকান-পোহাৰ আদিত পানী সোমোৱাৰ ফলত সকলো বন্ধ হৈ পৰাৰ উপক্ৰম হৈছে। বিশেষকৈ কৃষি ভূমিসমূহ পানীৰ তলত থকা কাৰ্যই বৰ্তমান সকলো খেতিয়ককে নিৰাশ কৰিছে৷
কিয়নো বহু কষ্ট আৰু গাঁঠিৰ ধন ভাঙি কৃষি-কাৰ্য কৰাৰ পাছত এনেদৰে বানৰ কবলত পৰি ৰোৱাসমূহ পানীৰ তলত থকাত কৃষকসকল ভাগি পৰিছে। বিশেষকৈ যোৱা ৰাতি তীব্ৰ ভাৱে বহ্মপুত্ৰৰ পানী বঢ়াত বিস্তৰ এলেকা উপচি পৰিল পানীয়ে।
এফালে মানুহ, আনফালে পশুধনৰ খাদ্যক লৈ সমস্যাত পৰিছে ৰাইজ। বিশুদ্ধ খোৱাপানীৰ অভাৱে এতিয়া সমস্যাৰ সৃষ্টি কৰিছে বানপীড়িতক। বাকৰি পঞ্চায়ত, ৰাঙলীয়াল পঞ্চায়তৰ একাংশকে ধৰি হেলেমৰ কেইবাটাও পঞ্চায়তৰ গাঁওসমূহ এতিয়া পানীৰ তলত। বিভিন্ন গ্ৰামাঞ্চলৰ পথসমূহত ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা। ৰাইজে নিৰাপদ স্থান বিচাৰি থিতাপি লৈছে ওখ স্থানত। মুঠৰ ওপৰত এক বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হৈছে হেলেমৰ বিভিন্ন গ্ৰামাঞ্চলত। উলেখ্য যে বৰ্তমান দুৰ্গত অঞ্চলত থকা লোকসকলক উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে এছডিআৰএফ বাহিনী তথা প্ৰশাসনৰ লোকে। ইতিমধ্যে ৰিলিফৰ ব্যৱস্থা কৰিবলৈ আগবাঢ়িছে চৰকাৰী কৰ্তৃপক্ষই।