এজাক পৰিভ্ৰমী বগলীয়ে আতংকৰ সৃষ্টি কৰিছে তিতাবৰত

 07/13/2019 - 16:46

তিতাবৰঃ ৰাজ্যত জাপানী এনকেফেলাইটিছ আৰু ডেংগু ৰোগে ভয়াবহ ৰূপ লৈছে। এই ৰোগত নিতৌ আক্ৰান্ত হৈছে বহুব্যক্তি। এই ৰোগ মূলতে বগলী আৰু গাহৰিৰ পৰা বিয়পে বুলি চিকিৎসকে জানিবলৈ দিয়াৰ পিছত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে তিতাবৰত। কিয়নো তিতাবৰৰ ন-আলি ঢেকীয়াজুলিত বাহৰ পাতিছে হাজাৰ হাজাৰ পৰিভ্ৰমী বগলীয়ে।

জুন, জুলাই মাহত যি সময়ত ডেংগু আৰু এনকেফেলাইটিছ ৰোগে ভয়াৱহ ৰূপ লয় ঠিক সেই সময়তে তিতাবৰ-যোৰহাট সংযোগী ন-আলি ঢেকীয়াজুলী চাৰি-আলীৰ সমীপৰ এৰাবাৰীত বাহৰ পাতে হাজাৰ হাজাৰ পৰিভ্ৰমী বগলীয়ে। অঞ্চলটোত বিগত সময়ছোৱাত ডেংগু, এনকেফেলাইটিছ ৰোগত আক্রান্ত হৈ কেইবাজনো লোকৰ মৃত্যু হৈছে বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে।

যাৰ ফলত তীব্ৰ আতংকত দিন অতিবাহিত কৰিছে স্থানীয় ৰাইজে। এই বগলীৰ জাকটো খেদি পঠাবলৈ ৰাইজে বন বিভাগক বহুবাৰ আবেদন-নিবেদন কৰিছে যদিও বৰ্তমান পর্যন্ত এই বগলীৰ জাকটোক খেদি পঠিওৱা কোনোবা ব্যৱস্থা নোলোৱা অভিযোগ কৰিছে। তিতাবৰ ন-আলি ঢেকীয়াজলি অঞ্চলৰ ৰাইজে প্ৰতিবিম্ব লাইভৰ জৰিয়তে চৰকাৰ তথা বন বিভাগক এই পৰিভ্ৰমী বগলীৰ জাকটো খেদি পঠাই আতংকমুক্ত কৰিবলৈ আহ্বান জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.