বন্ধ হ'ব হৃষিকেশৰ ৯০ বছৰ পুৰণা লক্ষ্মণ ঝুলা

 07/13/2019 - 17:00

ডিজিটেল ডেস্কঃ ১৯২৩ চনত ব্ৰিটিছৰ ৰাজত্ব কালত গংগা নদীৰ ওপৰত নিৰ্মিত ৪৫০ ফুট দীৰ্ঘ আৰু ৫ ফুট বহল লক্ষ্মণ ঝুলাখন প্ৰশাসনে শুকুৰবাৰে বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখ্য যে ৯০ বছৰ পূৰ্বে নিৰ্মাণ কৰা হৃষিকেশৰ এই ঝুলাখন বৰ্তমান শোচনীয় অৱস্থাত থকাৰ বাবে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে। এই লক্ষ্মন ঝুলাখনেই তপোবনৰ পৰা যাতায়তৰ বাবে একমাত্ৰ পথ হোৱা বাবে এতিয়া বহু লোক অসুবিধা সন্মুখীন হৈছে।

অতিৰিক্ত মুখ্য সচিব ওম প্ৰকাশে জনাই যে বিশেষজ্ঞৰ এটা দলৰ দ্বাৰা নিৰীক্ষণ কৰি এই জুলাখনে আৰু অধিক বোজা বহন কৰিব নোৱাৰে বুলি জনোৱাৰ পিছত ঝুলাখনৰ মেৰামতি বাবে বন্ধ কৰাৰ সিদ্ধান্ত লয়। লগতে এই কথাও কয় যে মেৰামতিৰ কাম অতি শীঘ্ৰে সম্পূৰ্ণ কৰি লক্ষ্মন ঝুলাখন ৰাইজৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।