হোজাইৰ পথত কৰিব পাৰিব মাছৰ ব্যৱসায়!

 07/13/2019 - 17:01

হোজাইঃ আপুনি পোনা মাছৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰি আছে নেকি ? যদি ভাবিছে চিন্তাৰ কাৰণ নাই আহক হোজাইলৈ। দেখিব পথত ডাঙৰ ডাঙৰ পুখুৰী সদৃশ গাঁত। হিমন্তৰ গড়কাপ্তানী বিভাগে চুব নোৱাৰা এটা ব্যস্ত পথ এইটো। হোজাইৰ যমুনামুখ সমষ্টিৰ মোৰাঝাৰ সামৰালি কাৰ্বি আংলং সংযোগী একমাত্ৰ পথ এইটো। এই ৰাস্তাৰে নিতৌ অহা যোৱা কৰা শ শ ছাত্ৰ ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজে বছৰ বছৰ ধৰি যমৰ যাতনা ভোগ কৰিব লগা হৈছে।

স্থানীয় বিধায়ক আব্দুৰ ৰহিম আজমলক এই ৰাস্তা নিৰ্মাণ কৰি দিয়াৰ কাৰণে ৰাইজে বহুবাৰ আবেদন কৰিছিল যদিও কানসাৰ নিদিলে অকৰ্মণ্য বিধায়কজনে। স্থানীয় ৰাইজৰ দাবী যদি সমষ্টিৰ উন্নয়নেই কৰিব নোৱাৰে পদত্যাগ কৰক বিধায়কজনে। মোৰাঝাৰ আঞ্চলিক আমছুৰ দাবী অতি সোনকালে ৰাস্তাটোৰ মেৰামতি কৰি দিয়ক নহ’লে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ সংগঠনটোৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।