আজমলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত

 03/23/2019 - 20:17

ধুবুৰীঃ লোকসভা নিৰ্বাচনক লৈ সাজু এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমল। ধুবুৰী লোকসভা সমষ্টিত বাজিল এআইইউডিএফৰ নিৰ্বাচনী ৰণশিঙা।

বদৰুদ্দিন আজমলে আজি যথেষ্ট সংখ্যক দলীয় কৰ্মীক লগত লৈ বিলাসীপাৰাৰ খোৰাঘাটৰ পৰা শিলবাৰীলৈ আৰম্ভ কৰিলে নিৰ্বাচনী প্ৰচাৰ। লগতে বিলাসীপাৰা পূৱ আৰু পশ্চিম বিধানসভা সমষ্টিৰ কেইবাখনো সংখ্যালঘূ অধ্যুষিত ভিতৰুৱা গাঁৱত ঘৰে ঘৰে গৈ ভোটাৰৰ সৈতে বাৰ্তালাপ কৰে সাংসদ বদৰুদ্দিন আজমলে।

আজমলৰ এই নিৰ্বাচনী প্ৰচাৰে শলঠেকত পেলাব অগপ আৰু কংগ্ৰেছক। আনহাতে গৰিষ্ঠ সংখ্যক সংখ্যালঘূ লোকেই পুনৰবাৰ বদৰুদ্দিন আজমলকে ধুবুৰী লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে বিচাৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।