ৰাজ্যৰ বান পৰিস্থিতিৰ সম্পৰ্কে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰী সোণোৱালৰ টেলিফোনিক বাৰ্তালাপ

 07/13/2019 - 17:40

ডিজিটেল ডেস্কঃ ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ সম্পৰ্কে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ টেলিফোনিক বাৰ্তালাপ৷ এই বাৰ্তালাপত ৰাজ্যখনৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ শেহতীয়া বান পৰিস্থিতি সম্পৰ্কে বিতংভাৱে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক অৱগত কৰে৷

বান পৰিস্থতিৰ সৈতে মোকাবিলা কৰাৰ বাবে অসম চৰকাৰ সম্পূৰ্ণৰূপে সষ্টম হৈ থকাৰ কথা জনোৱাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে বানপীড়িতক প্ৰদান কৰা সাহায্য তথা বানপীড়িতৰ উদ্ধাৰ অভিযানৰ সবিশেষ গৃহমন্ত্ৰীগৰাকীক জনায়৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আশ্বাস প্ৰদান কৰে যে বান পৰিস্থিতিৰ লগত মোকাবিলা কৰাৰ ক্ষেত্ৰত অসম চৰকাৰক প্ৰয়োজনীয় সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াব৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।