জামুগুৰিহাটত উদণ্ড বাইক চালকক খেদি খেদি ধৰিলে আৰক্ষীয়ে

 07/13/2019 - 18:11

জামুগুৰিহাটঃ জামুগুৰিহাটৰ ৰাজপথত বাইক ষ্টাণ্ট কৰি বাটৰুৱাক ভয়াৰ্ত কৰি তোলাৰ লগতে আৰক্ষী আৰু জনসাধাৰণৰ বাবে মূৰৰ কামোৰণি হৈ পৰা উদণ্ড বাইক চালকৰ বিৰুদ্ধে জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মানিক বৰমুদৈয়ে আৰম্ভ কৰা অভিযান অব্যাহত ৰাখিছে৷ জামুগুৰিহাটৰ ৰাজপথত নাকা চেকিং লগাই উদণ্ড চেঙেলীয়া বাইক চালকক নিয়ন্ত্ৰনলৈ অনাৰ চেষ্টা কৰা আৰক্ষী বিষয়াগৰাকীয়ে এতিয়া জামুগুৰিহাটৰ বাটে পথে তীব্ৰ গতিত বাইক চলাই ৰাইজক ব্যতিব্যস্ত কৰি তোলা একাংশ উদণ্ড বাইক চালকক চিনাক্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে৷

শুকুৰবাৰে জামুগুৰিহাটৰ দুগৰাকী উদণ্ড বাইক চালকক ৰাইজৰ অভিযোগৰ ভিত্তিত ৰাজপথৰ লগতে বাসগৃহৰ পৰাও নম্বৰপ্লেটবিহীন বাইক সহিতে থানালৈ মতাই আনি আইনী ব্যৱস্থা লোৱা পৰিলক্ষিত হয়৷ অৱশ্যে বাইক চালনা কৰা যুৱকদ্বয়ক ঘৰলৈ পঠোৱাৰ বিপৰীতে তীব্ৰ গতিৰে ষ্টাণ্ট কৰা নম্বৰপ্লেটবিহীন বিলাসী বাইক দুখন আৰক্ষীয়ে জিম্মাত ৰাখি অভিভাৱকক থানালৈ মাতি পঠিয়ায়৷

জানিব পৰা মতে উপযুক্ত বয়স নোহোৱাকৈয়ে অভিভাৱকে ক্ৰয় কৰি দিয়া বিলাসী বাইক বিভাগীয় অনুজ্ঞাপত্ৰ অবিহনেই তীব্ৰ গতিত চালনা কৰি পৰৱৰ্তী সময়ত আৰক্ষীৰ হাতত ধৰা পৰা উদণ্ড বাইক চালকদ্বয়ৰ অভিভাৱক এই মুহূৰ্তলৈকে জামুগুৰি আৰক্ষী থানাত উপস্থিত হোৱা নাই৷ অৱশ্যে দিনতেই হওক বা নিশাই হওক জামুগুৰিহাটৰ ৰাজপথত বিকট শব্দৰ সৃষ্টি কৰি তীব্ৰ গতিৰে বাইক চলাই স্থানীয় ৰাইজক আতংকিত কৰি তোলা উদণ্ড এইসকল বাইক চালকৰ ওপৰত জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে লোৱা কঠোৰ আৰু সময়োপযোগী পদক্ষেপক জামুগুৰিহাটৰ সচেতন ৰাইজে একেমুখে প্ৰশংসা কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।