ৰহাত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

 07/13/2019 - 18:31

ৰহাঃ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰহাৰ বাৰপূজীয়াত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে সমগ্ৰ অঞ্চলবাসীয়ে। শ শ পুৰুষ মহিলাই কঁপালে ৰাজপথ। ঘেৰাও কৰিলে বাৰপূজীয়াস্থ ৰহা বিদ্যুৎ উপ সংমণ্ডলৰ নিয়ন্ত্ৰন কক্ষ। জানিব পৰা মতে বিগত দহ দিন ধৰি অঞ্চলটোত নাই বিদ্যুৎ যোগান। অন্ধকাৰত ডুব যোৱাৰ লগতে অচলাৱস্থাৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চল। আনকি বাৰপূজীয়া প্ৰাথমিক চিকিৎসালয়তো নাই বিদ্যুৎ সৰবৰাহ।

ফলত চিকিৎসালয়খনতো হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। চিকিৎসালয়খনত নাই ডিজিৰ ব্যৱস্থা। লেমৰ পোহৰত চিকিৎসা কৰিবলগীয়া হৈছে ৰোগীক। জানিব পৰা মতে বিগত দহ দিনৰ আগতেই অঞ্চলটোত থকা বিদ্যুৎ বিভাগৰ ট্ৰেন্সফৰ্মাৰটো বিকল হৈছিল। কিন্তু বিভাগীয় কৰ্তৃপক্ষই ৰাইজৰ বাৰম্বাৰ অনুৰোধৰ পিছতো ট্ৰেন্সফৰ্মাৰ মেৰামতি নকৰি বন্ধ কৰি ৰাখিছে বিদ্যুৎ সৰবৰাহ। ফলত ক্ষুব্ধ হৈ পৰে শনিবাৰে শ শ পুৰুষ মহিলা ৰাজপথলৈ ওলাই আহে আৰু বিদ্যুৎ বিভাগৰ নিয়ন্ত্ৰন কক্ষ ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰে বিদ্যুৎ যোগান নিয়মীয়া কৰিবলৈ দাবী জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।