07/13/2019 - 18:54
in
শিলচৰঃ বৰাকৰ কাটাখাল-বৰাক নৈৰ সংহাৰী ৰূপৰ পিছত এইবাৰ হাইলাকান্দিৰ আংকাই-লংকা ভাংগনকে ধৰি ৱেহাল মথাউৰী ছিঙি আজি বানৰ তলত জাহ গৈছে হাইলাকান্দিৰ বহু গাঁও, কাঠাখাল-মোহনপুৰ নৈৰ বান্ধ ভাঙি পানীৰ তলত বুৰ গৈছে অনেক এলেকা বুলিও জানিব পৰা গৈছে।
বৰাক নৈয়ে ধাৰণ কৰা সংহাৰী ৰূপত হাহাকাৰ লাগিছে বিশেষকৈ হাইলাকান্দি, কাঠাখালৰ জনতাৰ মাজত। হাইলাকান্দি জিলা প্ৰশাসন আৰু চৰকাৰৰ সমালোচনাত সৰৱ হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি কেইবাটাও সংগঠন। তেওঁলোকৰ অভিযোগ, চৰকাৰৰ হেমাহিৰ বাবেই বানৰ কবলত পৰিবলগীয়া হৈছে বৰাকৰ ৰাইজ।