শিৱসাগৰত মুখাশিল্পৰ কৰ্মশালা সম্পন্ন

 07/13/2019 - 19:29

শিৱসাগৰঃ অসমৰ এক পুৰাতন সংস্কৃতি 'মুখাশিল্প'৷ ক্ৰমশঃ বিলুপ্তিৰ পথত ধাৱমান এই বিৰল শিল্প৷ অসমৰ দুই এখন সত্ৰই এই শিল্প উজ্জ্বীৱিত কৰি ৰাখিবলৈ নিৰৱে এক আন্দোলন অব্যাহত ৰাখিছে৷ গ্ৰীষ্মকালীন বন্ধ উপলক্ষে শিৱসাগৰ নগৰৰ 'দিলীপ খনিকৰ সোঁৱৰণী চাৰু কাৰু কলা একাডেমী'য়ে দহ দিনীয়াকৈ অনুষ্ঠিত কৰে এক মুখাশিল্পৰ কৰ্মশালা৷

কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ প্ৰদান কৰে ৰাষ্ট্ৰীয় শিল্পগুৰু বঁটাপ্ৰাপক মুখাশিল্পী ৰেবকান্ত মহন্তই৷ শতাধিক নৱ প্ৰজন্মৰ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা উক্ত কৰ্মশালাত উদীয়মান মুখাশিল্পী সুজিত বৰুৱা আৰু বসন্ত নাথেও প্ৰশিক্ষণ প্ৰদান কৰে৷ কৰ্মশালাৰ অন্তত অনুষ্ঠিত কৰে এখন চিত্ৰাংকন কৰ্মশালা আৰু প্ৰতিযোগিতা৷ প্ৰাচীন পৰম্পৰাক ধৰি ৰখাৰ প্ৰয়াসেৰে অনুষ্ঠিত কৰা এই কৰ্মশালা শুক্ৰবাৰে আনুষ্ঠানিকভাবে সামৰণি পৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।