লামডিঙত বিধ্বংসী অগ্নিকাণ্ড

 07/13/2019 - 19:41

লামডিংঃ লামডিঙত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়৷ যোৱা নিশা লামডিঙৰ ইটাভটা চাৰিআলিৰ আলাউদ্দিন নামৰ ব্যক্তিৰ ঘৰত চাহ বনাবলৈ লওঁতে গেছ চিলিণ্ডাৰৰ পৰা জুইৰ সূত্ৰপাত হৈ অগ্নিকাণ্ড সংঘটিত হয়৷ অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও অগ্নিকাণ্ডটোৰ ফলত প্ৰায় ৫ লাখ টকাৰ সম্পত্তি ক্ষতি হয় বুলি জানিব পৰা গৈছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।