এতিয়াৰে পৰা তিনিটা নিৰিখত বিদ্যুতৰ মাচুল পৰিশোধ কৰিবলগীয়া হ'ব পাৰে গ্ৰাহকে

 07/13/2019 - 20:07

ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰে ঘৰে ঘৰে বিদ্যুৎ যোগান আঁচনি প্ৰস্তুত কৰি প্ৰত্যেক ঘৰতে ২৪ ঘন্টা বিদ্যুৎ যোগান ধৰাৰ যি লক্ষ্য হাতত লৈছিল সেই লক্ষ্য বৰ্তমান সম্পূৰ্ণ কৰিবলৈ চৰকাৰ সাজু হৈছে। এই সন্দৰ্ভত উদয় স্কিম পাৰ্ট-২ মুকলি কৰা হ'ব। এক ব্যক্তিগত চেনেলে প্ৰকাশ কৰা অনুসৰি শক্তিমন্ত্ৰী আৰ কে সিঙে কয় যে এন টি পি চি পাৱাৰ গ্ৰীড লোকচানত চলি আছে যাৰ কাৰণ হ'ল বহু কেইটা দায়িত্বহীন বিদ্যুৎ বিতৰণ কোম্পানী।

যাৰ ওপৰত এতিয়া উচিত ব্যৱস্থা লোৱাৰ লগতে পৰ্যাপ্ত বিদ্যুৎ যোগান নধৰিলে সেই কোম্পানীসমূহৰ বিদ্যুৎ বিতৰণ লাইচেঞ্চ কেঞ্চেল কৰা হ'ব বুলি জনায়। আৰু সময়ত ট্ৰান্সফৰ্মাৰ নলগালে পেনাল্টী ভৰিব লাগিব বুলি উল্লেখ কৰে। শক্তিমন্ত্ৰী গৰাকীয়ে বিলৰ বহু কেইটা নিয়ম সালসলনি কৰা হ'ব বুলি কৈ সংবাদক মাধ্যমক জনাই যে গ্ৰাহক সকলে এতিয়া পৰা ৰাতিপুৱা, দুপৰীয়া আৰু ৰাতি বেলেগ বেলেগ নিৰিখত বিদ্যুৎ মাচুল পৰিশোধ কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ উপৰিও যিসমূহ এলেকাত বিদ্যুৎ চুৰি কৰা হয় সেই সমূহ এলেকাৰ এক তালিকা প্ৰস্তুত কৰি সেই সমূহৰ ওপৰত কঠোৰ আইনী ব্যৱস্থা লোৱা হ'ব বুলি সংবাদ মাধ্যমক জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।