বিলাসীপাৰাত গৃহহীন ৩৫ টা পৰিয়াল

 07/13/2019 - 20:42

বিলাসীপাৰাঃ বিলাসীপাৰাত বানৰ তাণ্ডৱ। গৃহহীন ৩৫ টা পৰিয়াল। সমগ্ৰ ৰাজ্যৰ লগতে বানত ডুব গৈছে ধুবুৰী জিলাৰ বিলাসীপাৰা ৰাজহ চক্ৰৰ একাংশ গাঁও। শেহতীয়াকৈ এইবাৰৰ বানত বিলাসীপাৰা ৰাজহ চক্ৰৰ ছুৱাপাতা তৃতীয় খণ্ড গাঁও বানত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। বানৰ তাণ্ডৱ অব্যাহত থকাৰ ফলত ইতিমধ্যে ৩৫টা পৰিয়াল গৃহহীন হৈ পৰিছে। উক্ত গাঁওৰ ৩৫ টা পৰিয়ালৰ গৃহত বানৰ পানী সোমোৱাত পশুধনৰ খাদ্যৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈছে।

ইমানৰ পিছতো প্ৰশাসনৰ গা লৰা নাই যদিও কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়তৰ সভাপতি হৰমুজ আলীয়ে নিজ পঞ্চায়তবাসীৰ খবৰ লৈ মহকুমাধিপতিক জনোৱাৰ পিছতেই আজি গা লৰিল চৰকাৰৰ। ফলত বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল আদেৰ আলী আৰু মতিয়াৰ ৰহমানে বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে। উল্লেখ্য যোগ্য যে, কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়তৰ সভাপতি হৰমুজ আলীয়ে বান আক্ৰান্ত অঞ্চলত অচিৰেই নিজাববীয়াকৈ সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা কৰাৰ বাতৰি পোৱা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।