07/13/2019 - 21:00
in
তিতাবৰঃ তিতাবৰ মহকুমাৰ অন্তৰ্গত গোবিন্দপুৰ চাহ বাগিচাৰ বৰলাইনৰ নিৱাসী স্বৰ্গীয় গেৰেন ওৰাঙৰ পত্নী বেৰণিকা ওৰাং(৪৫)ৰ মৃতদেহ শনিবাৰে নিজ গৃহৰ পিছফালে থকা এটা পুখুৰীত উদ্ধাৰ হয়।
গোবিন্দপুৰ সমীপৰ গোপালপুৰৰ নিৱাসী সেবা ওৰাংৰ পুত্ৰ সুনীল ওৰাঙে বৰমাক বেৰণিকা ওৰাংৰ ঘৰলৈ আহে আৰু বৰমাকক বিচাৰি নেপাই ঘৰৰ পিছফালে যাওঁতে পুখুৰীত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰে। স্থানীয় ৰাইজে লগে লগে তিতাবৰ আৰক্ষীক খবৰ দিয়ে আৰু ঘটনাস্থলীত তিতাবৰ আৰক্ষী উপস্থিত হয় ।
পুখুৰীত পানী তুলিবলৈ গৈ পুখুৰীত পৰি মৃত্যু হোৱা সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে।