আলগাপুৰ বিধানসভা সমষ্টিৰ ১৪খনৰো অধিক গাঁও পানীৰ তলত

 07/13/2019 - 21:12

হাইলাকান্দিঃ হাইলাকান্দিত ছিগিল মথাউৰি। কাটাখাল নৈৰ বাঢ়নি পানীৰ ফলত ভাঙিল মোহনপুৰ মথাউৰি। শনিবাৰে দিনৰ ১২ বজাত ভাঙিল মথাউৰিটো। মথাউৰি ভঙাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে আলগাপুৰ বিধানসভা সমষ্টিৰ ১৪খনৰো অধিক গাঁও। লগতে জলবন্দী হৈ পৰিছে গাঁওসমূহৰ ৫ হাজাৰৰো অধিক পৰিয়াল। ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ৩ হাজাৰ হেক্টৰ কৃষিভূমি।

মথাউৰি ভঙাৰ ফলত সম্পূৰ্ণ ৰূপে যোগাযোগ বন্ধ হৈ পৰিছে হাইলাকান্দি মোহনপুৰ গড়কাপ্তানী পথৰ। বৰ্তমানত ঘন্টাত প্ৰায় ১২ মিটাৰ ক্ষীপ্ৰতাৰে বৃদ্ধি পাইছে কাটাখাল আৰু ধলেশ্বৰী নৈৰ জলস্তৰ। দুইখন নদীৰ জলস্তৰ বিপদসীমাৰ পৰা প্ৰায় ২ মিটাৰ বৃদ্ধি পাইছে। ইপিনে এতিয়ালৈকে এই সমূহ অঞ্চলত জিলা প্ৰশাসন, জলসম্পদ বিভাগ আৰু কোনো জন প্ৰতিনিধি উপস্থিত নোহোৱাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে সাধাৰণ ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।