বন্যাৰ্তৰ কাষত মন্ত্ৰী ভৱেশ কলিতা

 07/13/2019 - 21:27

ৰঙিয়াঃ প্ৰলয়ংকাৰী বানৰ কবলত সমগ্ৰ অসম। যোৱা কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণৰ ফলত বানৰ তাণ্ডৱ আৰম্ভ হোৱাৰ সময়তে ক্ৰমাৎ জলস্তৰ বৃদ্ধি হৈ ভয়ংকৰ ৰূপ লৈছে বাক্সা জিলাৰ নিজ কাউৰবাহা, বগুৰীবাৰী, ধূলাবড়ী আৰু কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গতবিভিন্ন অঞ্চল।

শুক্ৰবাৰে নিজ কাউৰবাহা, বগুৰীবাৰী, ধূলাবড়ী আদি অঞ্চলৰ পুঠিমাৰী নৈৰ মথাউৰিটো পৰিভ্ৰমণ কৰি ৰাইজৰ খবৰ লৈছে ৰাজ্যৰ জলসিঞ্চন ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই।তাৰোপৰি বিটিএডিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰী, প্ৰাক্তন সংসদীয় সচিব ঘনশ্যাম কলিতা, বাক্সা জিলাৰ উপায়ুক্ত প্ৰমুখ্যে বিভিন্ন দল-সংগঠনে উপস্থিত হৈ মথাউৰিটোৰ তদাৰক কৰি ৰাইজক ভীতিগ্ৰস্ত নহ’বলৈ আহ্বান জনায়। যিকোনো মুহূৰ্ততে প্ৰশাসন, স্থানীয় বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতা ৰাইজৰ লগত থকাৰ আশ্বাস দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।