যোৰহাট টীয়কত প্ৰৱল বানপানীঃ জাঁজীমুখৰ বানাক্ৰান্তৰ কাষত ছাত্ৰ সন্থা

 07/14/2019 - 12:54

টীয়কঃ যোৰহাট জিলাৰ টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত জাঁজীমুখকে ধৰি জপং গাঁও, মিলি গাঁও, কামান গাঁও, উপৰ শগুণপাৰা, ৰজাবাৰী, নামচুক, শগুণপাৰা, বৰমথাউৰী, আলিমুৰ, মিছিং গাঁও, কুমাৰ গাঁও, ভকত গাওঁকে ধৰি বিভিন্ন বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ কৰি বানিপীড়িত লোকৰ বুজ লয়। অতি দুখজনক যে ৪৮ ঘন্টা অতিক্ৰম কৰাৰ পাছতো যিটো মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে বানাক্ৰান্তক বানসাহায্য, চিকিৎসাসেৱা, পশুধনৰ খাদ্য যোগান ধৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতো বাতৰি লিখা সময়লৈকে কোনো ধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰাৰ পৰিলক্ষিত ন'হল।

আজিৰ এই প্ৰতিনিধি দলটোৰ হৈ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সম্পাদক জিতু নেওগ, টীয়ক আছুৰ সভাপতি ৰন্টু ভূঞা, উপ সভাপতি পাপু কলিতা, সহকাৰী সম্পাদক দীপাংকৰ বেজবৰাসহ প্ৰতিনিধি দলটোৱে বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে। যোৰহাট জিলা ছাত্ৰ সন্থাৰ সম্পাদক জিতু নেওগে ৪৮ ঘণ্টাৰ অতিক্ৰম কৰাৰ পাছতো বানপীড়িত লোকে এতিয়ালৈকে কোনোধৰণৰ চৰকাৰী সাহায্য নোপোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক বিষয় বুলি অভিহিত কৰাৰ লগতে তৎকালীনভাৱে যোৰহাট জিলা প্ৰশাসনে বানসাহায্য, চিকিৎসা সেৱা, পশুধনৰ খাদ্য, বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ দাবী জনাইছে।

টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্টু ভূঞাই চৰকাৰী পক্ষই বানসাহায্য প্ৰদান নকৰি বানপীড়িত লোকৰ লগত ল'ৰাধেমালি কৰি থকাৰ বিষয়টো নিন্দা কৰে। তাৰ লগতে এগৰাকী ৭৫ বছৰীয়া বৃদ্ধাই ৰাজপথত মুকলি আকাশৰ তলত কোনো সুবিধা নোপোৱাকৈ থকাৰ কথাটো আধুনিক সভ্য সমাজৰ বাবে চৰম লজ্জাজনক আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে সততে ডিজিটেল ইণ্ডিয়াৰ শ্লোগান দি থকা কাৰ্যক ধিক্কাৰ দিছে প্ৰতিনিধি দলটোৱে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।