লাহৰীঘাটৰ তিনিচুকীয়াত মথাউৰি ছিঙি প্লাবিত ন, ন অঞ্চল

 07/14/2019 - 13:54

 লাহৰীঘাটঃ মাত্ৰ তিনিদিন হ’ল মৰিগাঁও জিলাৰ লাহৰীঘাটৰ টেঙাগুৰি কছাৰী গাঁৱত ৰিং বান্ধ ছিঙি অৰ্ধ শতাধিক গাৱত ভয়াবহ বানপানীয়ে বিস্তৰ ক্ষতি সাধন কৰাৰ সময়তে ভূতৰ ওপৰত দানহ পৰাদি আকৌ তিনিচুকীয়াত নৱনিৰ্মিত মথাউৰিটিও আজি পুৱাতে ছিগি পুনৰ জলমগ্ন হৈ আছে বিস্তীৰ্ণ অঞ্চল। ঠিকাদাৰে প্ৰশাসন-জলসম্পদ বিভাগৰ বৰমূৰীয়াসকলক মেনেজ কৰি অতি নিম্নমানৰ কাম কৰাৰ বাবেই ৰাইজৰ দুখ কোলাই পাচিয়ে নধৰা হ’ল বুলি ভুক্তভোগী জনতাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

ইতিমধ্যে বানত বহু লোকৰ ঘৰ-বাৰী উটি যোৱাৰ লগতে চৰকাৰী বিদ্যালয় গৃহ, বহু ঠাইত দলং, গড়কাপ্তানি পথৰ যাতায়ত ব্যৱস্থা ব্যাহত হৈ আছে। ইপিনে বানাক্ৰান্ত সকলক উদ্ধাৰ কৰিবলৈ প্ৰশাসনে SDRF, NDRF বাহিনীৰ ব্যৱস্থা কৰিছে যদিও SDRF,NDRF বাহিনীৰ নাও বানাক্ৰান্ত অঞ্চলৰ তুলনাত বহু কম হোৱাত এতিয়াও বহু লোকে নিজ গৃহত জলবন্দী হৈ আছে বুলি জানিব পৰা গৈছে। চৰকাৰ-প্ৰশাসনক অতিশীঘ্ৰেই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান সচেতন মহলৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।