নলবাৰীঃ মুকালমুৱাৰ ওচৰৰ লাউপাৰা গাঁৱত শনিবাৰে এক অঘটন সংঘটিত হয়৷ এগৰাকী ২২ বছৰীয়া যুৱতী পুখুৰীত পৰি মৃত্যুু হয়৷ জানিব পৰা মতে শনিবাৰে দুপৰীয়া প্ৰায় ২ বজা মানত ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছিল যুৱতীগৰাকী৷ ঘৰৰ মানুহে ঘৰৰ আশে পাশে বিচাৰি ফুৰোতে যুৱতীগৰাকীয়ে ব্যৱহাৰ কৰা চেণ্ডেল আৰু মোবাইল ফোন ঘৰৰ পিছফালে থকা পুখুৰিৰ পাৰত উদ্ধাৰ কৰে৷
পৰিয়ালৰ লোকে পুখুৰীত পৰাৰ সন্দেহ কৰি মুকালমুৱা আৰক্ষী চকীত খবৰ দিয়ে৷ মুকালমুৱা আৰক্ষী থানাৰ পৰা আৰক্ষী গৈ ঘটনাস্থলিত উপস্থিত হয় যদিও গধুলি এন্ধাৰ হৈ অহাৰ ফলত পুখুৰীত উদ্ধাৰ কাৰ্য চলাব নোৱাৰিলে৷ সেয়েহে পুৱা ৫ মান বজাত এছডিআৰএফ বাহিনী আৰু মুকালমুৱা আৰক্ষীয়ে অতি তৎপৰতাৰে উদ্ধাৰ কাৰ্যত নামি পৰে আৰু পুৱা ৬ মান বজাত যুৱতীগৰাকীৰ মৃতদেহ পুখুৰীৰ পানীৰ তলৰ পৰা উদ্ধাৰ কৰে৷
পৰিয়ালৰ লোকে সন্দেহ কৰা মতে জয়শ্ৰী কলিতা নামৰ মৃত যুৱতীগৰাকীৰ লাউপাৰা গাঁৱৰে যুৱক এজনৰ লগত দীৰ্ঘদিনৰ পৰা প্ৰেমৰ সম্পৰ্ক আছিল। ঘটনা সংঘটিত হোৱাৰ আগত হয়তো কোনো কথাৰ বাবে মোবাইলতে প্ৰেমিকৰ লগত সংঘাতত লিপ্ত হয় যাৰ কাৰনে যুৱতীগৰাকীয়ে আত্মহত্যাৰ দৰে পথ বাচি লয় বুলি পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে৷