কোকৰাঝাৰ লোকসভা সমষ্টিত ইউ পি পি এলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

 03/23/2019 - 21:33

কোকৰাঝাৰঃ কোকৰাঝাৰ লোকসভা সমষ্টিত ইউ পি পি এলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মই চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ। এই নিৰ্বাচনী প্ৰচাৰত ব্ৰহ্মই সাংসদ নৱ কুমাৰ শৰণীয়া আৰু সীমাহীন দুৰ্নীতি কৰা শাসনাধিষ্ঠ বিপিএফ দলক কঠোৰ সমালোচনা কৰি কয় যে, যোৱা ২০১৪ চনৰ আগৰ কালচোৱাত চামচুমা খুংগুৰ বিছমুতিয়াৰীয়ে বড়োলেণ্ডৰ সপক্ষে সংসদত গাৰ চোলা খুলি লজ্জাজনক প্ৰতিবাদ কৰিছিল।

বিটিচিবাসীৰ কাতৰ যন্ত্ৰনাক সংসদত উপস্থাপন কৰাৰ অৰ্থে এজন সাংসদ দিল্লীলৈ পঠিওৱাৰ কথাষাৰ সাম্প্ৰতিক সময়ত অতীৱ প্ৰয়োজন বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে কয় যে, অসমৰ মুখ্যমন্ত্ৰীলৈ সাংসদ শৰণীয়াই ১২টা দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰোতে স্মাৰক পত্ৰখনত ১৩টাকৈ ভুল কৰিছিল। গতিকে তেনে সাংসদ যাতে নিৰ্বাচিত নকৰে তাৰ প্ৰতি ধ্যান ৰাখিবলৈ তেওঁ কয় কোকৰাঝাৰবাসীক। নৱ শৰণীয়াৰ সেই স্মাৰক পত্ৰখনৰ কথা যেতিয়াই ওলাই তেতিয়াই কোকৰাঝাৰ লোকসভা সমষ্টিৰ ৰাইজে কিমান লজ্জাবোধ কৰে সেয়া আজি আৰু নতুনকৈ সোঁৱৰাই দিয়াৰ প্ৰয়োজনবোধ নাই। সেয়া দিনৰ পোহৰৰ দৰে স্পষ্ট‌ বুলিও ব্ৰহ্ম‌ই কয়।

যোৱাবাৰ প্ৰাৰ্থী বাচনিৰ ক্ষেত্ৰত বিভিন্ন দল সংগঠনৰ প্ৰচেষ্টাত সেই সময়ত গঠন হোৱা ঐক্যমঞ্চৰ বিষয়ববীয়াসকলক শলঠেকত পেলাই টকা ঘটাৰ বাহিৰে সকলো দিশতে জ্ঞানশূন্য নৱ কুমাৰ শৰণীয়াক সমষ্টিলৈ অবড়োৰ প্ৰাৰ্থী ৰূপে নিৰ্বাচন কৰি যুগেশ্বৰ কলিতাই যি ভুল কৰিছিল তাক ভাষাৰে বৰ্ণনা কৰিব পৰা নাযায়৷ পুনৰ যাতে এনে এজন জ্ঞানশূন্য সাংসদক সংসদৰ মজিয়াত নিৰ্বাচিত কৰি নপঠায় সেয়াই কোকৰাঝাৰ সমষ্টিৰ ৰাইজলৈ ইউ পি পি এলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মৰ আহ্বান। উক্ত সমষ্টিটোৰ বাবে এজন সুদক্ষ প্ৰাৰ্থীক নিৰ্বাচন কৰি পঠিয়াওক যিজনে কোকৰাঝাৰ সমষ্টিত থকা সামগ্ৰিক সমস্যাসমূহ সংসদত যুক্তিসহকাৰে আৰু সজোৰে উপস্থাপন কৰাৰ উপৰি সমাধান কৰিবলৈ সক্ষম হয় বুলি তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

লগতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ ৰাইজে কয় যে এইবাৰ ইউ পি পি এলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্ম একপ্ৰকাৰ দিল্লীলৈ যোৱাটো খাটাং।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।