বিশ্বকাপত কোনে যাচিব চুমাঃ নিউজিলেণ্ড VS ইংলেণ্ড

 07/14/2019 - 15:09

ডিজিটেল ডেস্কঃ ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত আজি অৰ্থাৎ দেওবাৰে ইয়াৰ ঐতিহাসিক লর্ডছ গ্রাউণ্ডত বিয়লি ৩ বজাত আই চি চি এদিনীয়া বিশ্বকাপ ক্রিকেটৰ ফাইনেল অনুষ্ঠিত হ'ব। যাৰ জৰিয়তে কোনাে এটা দলে প্রথমবাৰলৈ বিশ্বজয়ী সম্মান অর্জন কৰিব। দুটা শ্রেষ্ঠ দলেই আগবাঢ়িছে ফাইনেললৈ। গ্ৰুপ পর্যায়ত বিপৰীতমুখী প্রদর্শন থাকিলেও ছেমি ফাইনেলন সঠিক সময়তেই তেওঁলােক জিলিকি উঠিবলৈ সক্ষম হয়। এইবৰ্ষৰ বিশ্বকাপ ক্ৰিকেটত গ্ৰুপ পৰ্যায়ৰ খেলসমূহৰ ভিতৰত পাকিস্তান, শ্ৰীলংকা আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজিত হৈছিল ইংলেণ্ড। ইয়াৰ লগতে নিউজিলেণ্ডে প্ৰথমে কেইবাখনো খেলত জয়ী হৈছিল যদিও পৰৱৰ্তী সময়ত সেই ধাৰা অব্যাহত ৰাখিব পৰা নাছিল।

ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ মুখামুখি হৈ বিজয় সাব্যস্ত কৰিছিল ইংলেণ্ডে। থিক তেনেদৰে ছেমি ফাইনেলত ভাৰতক হৰুৱাইছিল নিউজিলেণ্ডে। এদিনীয়া খেলত বৰ্তমানলৈকে ৯০ বাৰকৈ মুখামুখি হৈছে ইংলেণ্ড আৰু নিউজিলেণ্ড। তাৰ ভিতৰত ৪৩ বাৰ নিউজিলেণ্ডৰ বিজয় হোৱাৰ লগতে ৪১ খন খেলত জয়ী হৈছে ইংলেণ্ড। ইফালে ২খন খেল দ্ৰ হোৱাৰ লগতে ৪ খন খেলত নোলাল কোনো ফলাফল। বিশ্বকাপত দুয়োটা দল মুখামুখি হৈছে ৯খন খেলত। তাৰ ভিতৰত ৫খনত নিউজিলেণ্ড জয়ী হোৱাৰ লগতে ৪ খনত জয়ী হৈছে ইংলেণ্ডে।

তাৰ বিতৰত ১৯৭৫ চনত ৮০ ৰানত ইংলেণ্ডৰ জয় হৈছিল। ১৯৭৯ চনত পুনৰবাৰৰ বাবে ইংলেণ্ড ৯ ৰানত জয়ী হৈছিল। ১৯৮৩ চনত তৃতীয়বাৰৰ বাবে ১০৬ ৰানত জয়ী হৈছিল ইংলেণ্ড। সেই একে বৰ্ষ অৰ্থাত ১৯৮৩ চনৰ বিশ্বকাপত পুনৰবাবে দুয়োটা দল মুখামুখি হওঁতে ২ উইকেটত জয়ী হৈছিল নিউজিলেণ্ড। ১৯৯২, ১৯৯৬, ২০০৭ আৰু ২০১৫ চনত ক্ৰিকেট বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে নিউজিলেণ্ডৰ জয় হোৱাৰ লগতে ২০১৯ বৰ্ষত অনুষ্ঠিত হোৱা এখন খেলত জয়ী হৈছিল ইংলেণ্ড। আজি কোনে শেষ মাৰিব তাৰ বাবেই অধীৰ আগ্ৰহেৰে বাট চাইছে ক্ৰিকেটৰ অনুৰাগীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।