মহীৰুহ সন্মানেৰে বিভূষিত প্ৰশান্ত কুমাৰ শৰ্মা(ভাইটী)লৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন

 07/14/2019 - 15:49

 বজালীঃ বজালীৰ বিশিষ্ট সমাজকৰ্মী, উদয়ন সংঘৰ প্ৰতিষ্ঠাপক, সমাজবন্ধু প্ৰশান্ত শৰ্মা (ভাইটী)লৈ ৰাজহুৱা ভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান অনুষ্ঠিত কৰে দেওবাৰে বজালীৰ পাঠশালাৰ হৰিমন্দিৰ চৌহদত। পাঠশালা বজাৰ কমিটি, পাঠশালা চেম্বাৰ্চ অৱ কমাৰ্চ, বজালী জিলা ক্ৰিড়া সন্থা, পাঠশালা প্ৰেছ গীল্ড, পাঠশালা প্ৰেছ ক্লাৱ, পাঠশালা আঞ্চলিক ছাত্ৰ সন্থা, নক্ষত্ৰ ক্লাৱ ভৱানীপুৰৰ লগতে পাঠশালাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহযোগত এই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে পাটাছাৰকুছি বিধান সভা সমষ্টিৰ বিধায়ক পবিন্দ্ৰ ডেকা, আনন্দৰাম বৰুৱা একাডেমিৰ ৰেক্টৰ ৰনজিৎ ডেকাৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। প্ৰশান্ত কুমাৰ শৰ্মাৰ স্মৃতিত উদয়ন সংঘই "প্ৰশান্ত প্ৰশস্তি" নামৰ এখন স্মৃতিগ্ৰন্থ উলিয়াই আৰু স্মৃতিগ্ৰন্থ উন্মোচন কৰে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ সচিব হেমেন দাসে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।