দিশহাৰা এগৰাকী দুৰ্ভগীয়া পিতৃঃ ১৫ দিনৰ পিছতো সন্ধান নাই অপহৃত কন্যাৰ

 07/14/2019 - 15:55

লংকাঃ ২৯ জুন ২০১৯ ৰ ঘটনা। লংকাৰ দক্ষিণ লস্কৰপথাৰত কলেজৰ পৰা ঘৰলৈ আহি থকাৰ পথত আব্দুল হামিদৰ কন্যা আপৰুজা বেগম হঠাৎ অন্তৰ্ধান হয়। ইফালে বহু সময় ধৰি ছাত্ৰীগৰাকী ঘৰলৈ উভতি নহাত চিন্তিত হৈ পৰে পৰিয়ালবৰ্গ। পিছত বহু ঠাইত বিচাৰ খোচাৰ কৰিও সন্ধান লাভ নকৰাত ছাত্ৰীগৰাকীক দুজন যুৱকে এখন গাড়ীত উঠাই অপহৰণ কৰি নিয়াৰ কথা প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব পাৰে।

পাছত দুই যুৱক ক্ৰমে ৰিবুল হুছেইন আৰু আবুল হুছেইনৰ বিৰুদ্ধে লংকা আৰক্ষী থানাত যোৱা তিনি জুলাইত অপহৰণ সংক্ৰান্তত ২৯৯/১৯ নম্বৰত ভাৰতীয়‌ দণ্ডবিধি আইনৰ ৩৬৩/৫০৬ ধাৰাত গোচৰ ৰুজু কৰে পৰিয়ালৰ লোকে। উল্লেখ্য যে আৰক্ষী থানাত গোচৰ ৰুজু হোৱাৰ পিছতেই লংকা থানাৰ এগৰাকী এছআয়ে গোচৰটোৰ সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছিল যদিও ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈ আৰক্ষী বিষয়াজনক বদলি কৰাত গোচৰৰ তদন্ত স্থবিৰ হৈ পৰে।

ইয়াৰ পিছতো দুৰ্ভগীয়া ব্যক্তিজনে শীৰ্ষ আৰক্ষী বিষয়াৰ ওচৰতো অপহৰণ সংক্ৰান্তত অৱগত কৰাইছে যদিও বৰ্তমান কোনো সুফল লাভ নকৰিলে ব্যক্তিগৰাকীয়ে। ঘটনাৰ ১৫ টা দিন অতিক্ৰম কৰাৰ পিছত উপায়ন্তৰ হৈ ন্যায়ৰ আশাত অৱশেষত সংবাদ মাধ্যমৰ কাষ চাপিল দুৰ্ভগীয়া পিতৃগৰাকী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।