মঙলদৈত অপৰিবৰ্তিত বান পৰিস্থিতি

 07/14/2019 - 16:23

মঙলদৈঃ মঙলদৈত আজিও অপৰিবৰ্তিত বান পৰিস্থিতি। কানাই চুবাত নোৱানৈৰ মথাউৰি ভঙাৰ ফলত জলমগ্ন হৈ পৰে বৃহৎ অঞ্চল। প্লাবিত হৈছে ন ন অঞ্চল। ২০ খনৰো অধিক গাঁও পানীত ডুব যোৱাৰ ফলত উটি গ’ল পুখুৰীৰ মাছ, পথাৰৰ খেতি, কঠিয়া। ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হোৱাৰ লগতে বিপদ আহিছে পশুধনসমূহলৈ। মানুহৰ লগতে পশুধনসমূহ খাদ্যৰ অভাৱত পৰিছে যদিও পোৱা নাই চৰকাৰী সাহায্য।

আনহাতে নাগাৰবাহী গাঁৱৰ এটা পৰিয়াললৈ আহিছে নতুন বিপদ। যোৱা নিশা মৃত্যু হোৱা মাতৃক কবৰ দিবলৈ নাই কোনো ওখ স্থান। ওচৰ পাজৰৰ গাঁওসমূহো জলসমগ্ন। এনে পৰিস্থিতিত বিপদত পৰিছে পৰিয়ালটি। উপায়ন্তৰ হৈ পৰিয়ালটিযে মৃতদেহ কাঠৰ বাকচত ভৰাই কবৰ দিয়াৰ কথা চিন্তা কৰিছে। আনহাতে স্থানীয় লোকসকলেও তেওঁলোকক সহায় কৰিব পৰা নাই, কিয়নো গাঁওখনৰ প্ৰতিটো পৰিয়াল বানৰ কৱলত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।