তামুলপুৰঃ তামুলপুৰ মহকুমাৰ উত্তৰাঞ্চলৰ ওপৰি ভূটান পাহাৰত একেলেঠাৰীয়ে কেইবাদিন ধৰি হৈ থকা প্ৰৱল বৰষুণৰ ফলত ভূটান পাহাৰৰ পৰা বৈ অহা আটাইকেইটা পাহাৰৰ পৰা নামি অহা নৈয়ে এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। মহকুমাটোৰ অধীনৰ গুৱাবাৰীৰ বৰনদীৰ নামনিত পুঠিমাৰী হিচাপে খ্যাত নৈখনৰ বুকুত বিগত ৪ দিনে আৱদ্ধ হৈ আছে ৩০ টাৰো অধিক পশুধন।
অঞ্চলটোৰ কৃষিজীৱী লোকে যোৱা চাৰি দিন আগতে পুৱা নদীৰ মাজত গৰু এৰাল দি ঘৰলৈ উভতি অহাৰ পিছতে হঠাৎ পুঠিমাৰী নৈত ফেন ফুটুকাৰে পানী বাঢ়ি অহাত নৈৰ মাজ বুকুত আৱদ্ধ হৈ পৰে গৰুকেইটা। শনিবাৰে গৰুকেইটা উদ্ধাৰ কৰিবলৈ স্থানীয় লোকৰ সহযোগত জিলা প্ৰশাসনে পঠোৱা এটি ফায়াৰ আৰু জৰুৰী কালীন কোষৰ পৰা অহা মেচিন চলিত নাৱেৰে উদ্ধাৰকাৰী দল এটাই বিয়লিৰে পৰা চেষ্টা চলাই আছিল যদিও নদীৰ প্ৰবল সোঁত আৰু কাৰিকৰী অসুবিধাৰ বাবে ব্যৰ্থ হৈছিল স্থানীয় ৰাইজ তথা বিভাগীয় লোক।
আজি পুনৰ একেটা ঠাইত উদ্ধাৰ অভিযান প্ৰক্ৰিয়া আৰম্ভ। ইতিমধ্যে নৈৰ পাৰত ভিৰ কৃষকৰ শ শ লোক। অঞ্চলটোৰ লোকে জানিবলৈ দিয়া মতে যোৱা ৫ দিনে পুঠিমাৰী নৈৰ ভয়াবহ খহনীয়া অব্যাহত থকাৰ বাবে নৈৰ বুকুত আবদ্ধ হৈ থকা গৰুকেইটাক উদ্ধাৰ কৰিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে।
নৈৰ বুকুত এই পৰ্যন্ত বহু বিঘা মাটি জাহ যোৱাৰ উপৰি নৈৰ বুকুত আৱদ্ধ হৈ থকা পশু ধন কেইটামানো নৈৰ খৰস্ৰোতা পানীত উটি গৈছে বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে। বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সাধাৰণ সম্পাদক পৰিমল শীল আৰু বাক্সা জিলাৰ গোর্খা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মাধৱ চেত্ৰীয়ে ইতিমধ্যে প্ৰশাসনৰ লগত সহায় সহযোগ আগবঢ়োৱাৰ লগতে ৰাইজৰ হৈ পশুধনকেইটা উদ্ধাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।