দক্ষিণ শালমাৰাঃ ৰাজ্যৰ চৌদিশে বানৰ বিভীষিকা৷ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা সমষ্টিৰ হাজিৰহাট গাঁও পঞ্চায়তৰ চৰ অঞ্চল বানৰ কৱলত পৰি ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এই অঞ্চলৰ বানাক্ৰান্ত ৰাইজৰ একাংশই ঘৰ এৰি প্লেটফৰ্মত আশ্ৰয় লৈ আছে৷ পোহনীয়া জীৱ জন্তুৰ বানত ক্ষতিগ্ৰস্ত হোৱা জানিব পৰা গৈছে৷
উল্লেখ্য যে যোৱা প্ৰায় ৮ বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ গৰাখনীয়াই হাজিৰহাট গাঁও পঞ্চায়তৰ আকন্দেচৰ, বৰোবালু, কাজিৰগাঁও, কদমতলী আদি গাঁওকে ধৰি কেইবাখনো গাঁও ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যায়৷ গৰাখনীয়াৰ কৱলত পৰি সৰ্বহাৰা হৈ হেজাৰ হেজাৰ ৰাইজে মথাউৰি, স্কুল, ভাৰা মাটিত আশ্ৰয় লৈ বহু কষ্টকৰ জীৱন সংগ্ৰাম ছলাই থকা পৰিলক্ষিত হয়৷
শনিবাৰে হাজিৰহাট গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ নমিনি ৰিজাউল ইছলামৰ নেতৃত্বত এটা সজাতি দলে বানাক্ৰান্ত ৰাইজৰ কাষত গৈ বিভিন্ন সমস্যাৰ বুজ লোৱাৰ লগতে আকন্দেচৰ প্লাটফৰ্ম আৰু কদমতলী প্লাটফৰ্ম থকা বানাক্ৰান্ত ৰাইজৰ সুবিধাৰ্থে নিজা গাঁঠিৰ ধনেৰে দুটা দমকল দিয়ে৷ এতিয়াও চৰকাৰৰ ফালৰ পৰা কোনো বিষয়া উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন হৈছে৷