সৰুপথাৰঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰ-জামুগুৰী সংযোগী পথত সঘনাই সংঘটিত হৈছে পথ দুৰ্ঘটনা। প্ৰায় ১৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো যথেষ্ট ঠেক হোৱাৰ বাবেই প্ৰতিদিনেই সংঘটিত হয় পথ দুৰ্ঘটনা। আজিও উক্ত পথটোত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। বৰপথাৰ অভিমুখে গৈ থকা AS05 C 6639 নম্বৰৰ বলেৰ' গাড়ীখনৰ সৈতে বিপৰীত দিশৰ পৰা বজাৰ কৰি আহি থকা এজন ব্যক্তিৰ AS 04 C 4736 নম্বৰৰ এখন বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত বাইক আৰোহীজন গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়।
ততাতৈয়াকৈ আঘাতপ্ৰাপ্ত লোকজনক বৰপথাৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও ব্যক্তিগৰাকীৰ অৱস্থা সংকটজনক হোৱাৰ হেতুকে উন্নত চিকিৎসাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰা হয়। আনহাতে দুৰ্ঘটনাত আঘাতপ্রাপ্ত ব্যক্তিজনৰ ঘৰ বৰপথাৰ আৰক্ষী থানা অন্তৰ্গত অভংপথাৰত বুলি জানিব পৰা গৈছে।
ইফালে স্থানীয় ৰাইজ আৰু পথাচাৰীৰ অভিযোগ, উক্ত পথটো অতি ঠেক হোৱাৰ ফলত এই পথটোত সঘনাই সংঘটিত হয় পথ দুৰ্ঘটনা। আনহাতে বিভাগীয় কৰ্তৃপক্ষ আৰু ৰাজ্য চৰকাৰক পথটো বহল কৰিবৰ বাবে বাৰম্বাৰ আবেদন নিবেদন জনোৱাৰ পিছতো কোনো কাণসাৰ দিয়া নাই বিভাগীয় কৰ্তৃপক্ষই। এই অভিযোগ তুলিছে স্থানীয় ৰাইজৰ লগতে পথাচাৰীয়ে।