সুকীয়া জৰীপ সন্দৰ্ভত সজাগতা সভা গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ

 03/24/2019 - 12:30

বৰপেটা:  গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত আৰু নগাঁও আঞ্চলিক সমিতিৰ সহযোগত শনিবাৰে বৰপেটাৰ নগাঁৱত অনুষ্ঠিত হয় সুকীয়া জৰীপ সন্দৰ্ভত এখন সজাগতা সভা। অসমীয়া ভাষা উৎপত্তি নৌহওঁতেই গৰিয়া মৰিয়া দেশী জনগোষ্ঠীৰ উৎপত্তি হৈছিল।

তেতিয়াৰে পৰা অসমত গৰিয়া মৰিয়া দেশী লোকসকলে বসবাস কৰি আহিছে। কালক্ৰমত ধৰ্মান্তৰিত হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰিছে গৰিয়া মৰিয়া দেশী জনগোষ্ঠীৰ লোকসকলে । এই লোকসকল  বিদেশৰ পৰা অহা লোক নহয়। অসমৰে ভূমিপুত্ৰ। এই মন্তব্য সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক আৰফান আলী চৌধুৰীৰ ।

হেজাৰ বছৰ পূৰ্বে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত হৈছে এইসকল লোক। পৰিষদৰ জিলা সমিতিৰ সভাপতি আতিকুল হকে জনগোষ্ঠীকেইটাৰ অতি সোনকালে জৰীপৰ কাম আৰম্ভ কৰাৰ বাবে দাবী জনায়। লগতে সাংবাদিক চক্ৰপাণি পৰাশৰৰ ওপৰত হোৱা আক্ৰমণক তীব্ৰ গৰিহণা দিয়াৰ লগতে অপৰাধীক কঠোৰ শাস্তি দিয়া আৰু সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে চৰকাৰক দাবী জনায়।

সজাগতা সভাত অংশগ্ৰহণ কৰা পৰিষদৰ সাধাৰণ সম্পাদক ছলমান হুছেইনে এই জনগোষ্ঠী কেইটাৰ সামগ্ৰীক উন্নয়নৰ স্বাৰ্থত খিলঞ্জীয়া দৰদী কোনো এটি বিশেষ ৰাজনৈতিক দলক ভোটদান দিব লাগে বুলি আহ্বান জনায়। বিশিষ্ট সমাজকৰ্মী চায়েদ আলী আহমেদে সভাপতিত্ব কৰা সজাগতা সভাখনত জিলা প্ৰচাৰ সম্পাদক মফিদুল হক আৰু বহুসংখ্যক লোক উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।