আই নদীৰ খহনীয়া অব্যাহতঃ তিনিদিনতে প্ৰায় ২৫ টা পৰিয়ালৰ ঘৰ-বাৰী উছন

 07/14/2019 - 17:30

মাণিকপুৰঃ আই নদীৰ বানপানীৰ পিছত আৰম্ভ হৈছে বঙাইগাঁও জিলাৰ ভাণ্ডাৰাত ভয়ংকৰ খহনীয়া অব্যাহত আছে। বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত ৬নং ভাণ্ডাৰাত আই নদীৰ খহনীয়াত দিশহাৰা হৈছে নৈপৰীয়া গঞা। যোৱা তিনিদিন ধৰি গৰাখহনীয়াৰ কবলত পৰি ৪ আৰু ৬নং ভাণ্ডাৰাৰ প্ৰায় ২০/২৫ টা পৰিয়ালৰ ঘৰ বাৰী উছন গৈছে নৈৰ বুকুত।

প্ৰতিদিনে নৈৰ বুকুত জাহ গৈছে কপালৰ ঘাম মাটিত পেলাই কৰা কৃষি। খহনীয়াৰ কবলত পৰিছে ৬ নং ভাণ্ডাৰা প্ৰাথমিক বিদ্যালয়ৰ লগতে অংগনৱাড়ী কেন্দ্ৰ। জিলা প্ৰশাসনক বাৰে বাৰে খবৰ দিয়াৰ পিছতো কোনো খবৰ লোৱা নাই। এতিয়ালৈকে উপস্থিত হোৱা নাই বিজনী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ লগতে কোনো এজন লাট মণ্ডল। সেয়ে অতিশীঘ্ৰে জিলা প্ৰশাসনক গৰাখহনীয়া প্ৰতিৰোধৰ দাবী জনাইছে খহনীয়াগ্ৰস্ত ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।