উত্তৰ গুৱাহাটীত গছপুলি ৰোপণেৰে গুৰু পূৰ্ণিমা উদযাপনৰ প্ৰস্তুতি

 07/14/2019 - 17:39

উত্তৰ গুৱাহাটীঃ আহাৰ পূর্ণিমা তিথি গুৰু পূৰ্ণিমা বুলি পৰিচিত। হিন্দু ধৰ্মাৱলম্বীসকলে বেদৰ ৰচয়িতা পৈসম্পায়ণ বা ব্যাসদেৱৰ জন্মগ্রহণ কৰা দিনটোকে গুৰুপূৰ্ণিমা হিচাপে পালন কৰি আহিছে। দেশৰ অন্যান্য ঠাইৰ লগতে উত্তৰ গুৱাহাটীতো গুৰু পূৰ্ণিমা উদযাপিত হ'ব। অহা ১৬ জুলাই মঙলবাৰে গুৰু পূৰ্ণিমা উৎসৱৰ লগত সংগতি ৰাখি উত্তৰ গুৱাহাটীৰ ঘোঁৰামাৰা অঞ্চলত পুৱা ৬ বজাৰ পৰা গছপুলি ৰোপণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

সেয়েহে উক্ত অনুষ্ঠানত ৰাইজৰ উপস্থিতি আয়োজক সমিতিৰ তৰফৰ পৰা কামনা কৰিছে। পৰিবেশ সুৰক্ষা সমিতি, উত্তৰ গুৱাহাটী তৰফৰ পৰা জানিবলৈ দিয়া মতে ঘোঁৰামাৰা হাইস্কুল, টিলিংগাৱত গছ পুলি ৰোপণ কৰা হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।