কামপুৰত ৰাইজৰ ৰোষত বিধায়ক ডিম্বেশ্বৰ দাস

 07/14/2019 - 17:42

কামপুৰঃ কামপুৰ বাৰেগোগাত ৰাইজৰ ৰোষত ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাস৷ বিপদজনক অৱস্থাত থকা কামপুৰ বাৰেগোগা কপিলী নদীৰ মথাউৰি পৰিদৰ্শন কৰিবলৈ আহি ৰাইজৰ প্ৰশ্নৰ সন্মুখীন হয় বিধায়কগৰাকী৷ মথাউৰিটো এই ছিঙো ছিঙো অৱস্থাত থকাত শংকিত হৈ আছে অঞ্চলবাসী৷ যাৰ বাবে এই ৰূপ ধাৰন কৰে ৰাইজে৷

হাতত দা লৈ বিধায়কৰ লগত উত্তেজিত একাংশ লোকৰ বাকযুদ্ধ হয়। ৰাইজৰ পৰা বাছিবলৈ সাংবাদিকৰ সহায় ভিক্ষা কৰে ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসে। পাছত পথৰ পৰাই ওভতাই পথালে বিধায়কজনক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।