টীয়কৰ জাঁজীমুখত চৰকাৰৰ প্ৰতিনিধি হিচাপে কৃষি বিপনণ পৰিষদৰ অধ্যক্ষ বানাক্ৰান্তৰ মাজত

 07/14/2019 - 18:10

টীয়কঃ উজনি অসমৰ অন্যান্য অঞ্চলৰ লগতে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে টীয়কৰ জাঁজীমুখৰ শগুনপাৰা, বৰমথাউৰি, জপংগাঁও, মোকালনি, তিনিঘৰীয়াকে ধৰি প্ৰায় ১০/১২ খন গাঁও। যাৰ ফলত বানাক্ৰান্তসকল গৰু, ছাগলী, গাহৰিকে ধৰি পশুধনৰ লগত সহবাস কৰিবলগীয়া হৈছে। এটুপি খোৱাপানীৰ বাবে হাহাকাৰ অৱস্থা এতিয়া সমগ্ৰ অঞ্চলত।

শনিবাৰে অসম চৰকাৰৰ হৈ অসম কৃষি বিপনণ পৰিষদৰ অধ্যক্ষ পালিত কুমাৰ বৰা তথা টীয়ক ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ বিষয়ববীয়া টীয়ক আৰক্ষী তথা টীয়ক বিজেপি কলীয়াপানী ব্লকৰ সভাপতিকে ধৰি এটি সজাতি দলে বানাক্ৰান্তৰ মাজত উপস্থিত হৈ সমগ্ৰ পৰিবেশৰ বুজ লয়। লগতে অতি সোনকালে খাদ্য সামগ্ৰী, জৰুৰীকালীন চিকিৎসাকে ধৰি প্ৰয়োজনীয় সকলো সা-সুবিধাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। লগতে প্ৰসাশনৰ ফালৰ পৰা দুৰ্যোগ ব্যৱস্থাপনা বিভাগকো উক্ত স্থানত ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। তদুপৰি জিলা প্ৰশাসনে পানীত আৱদ্ধ হৈ থকা পশুধন উদ্ধাৰৰ বাবে কেইবাখনো মেচিন নাৱৰ ব্যৱস্থা কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।