গোগামুখঃ বিগত বছৰৰ দৰে গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত গোগামুখ অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক দিশটো অধিক ত্বৰাম্বিত কৰাৰ উদ্দেশ্যেৰে এইবছৰো আয়োজন কৰিছে বিনামূলীয়া পাঠদান কাৰ্যসূচী। ৫ জুলাইৰ পৰা ১১ জুলাইলৈ গোগামুখ অঞ্চলৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ মাজত স্পকেন ইংলিচ পাঠ্যক্ৰম আগবঢ়ায় সংগঠনটোৱে।
গৰমৰ বন্ধত প্ৰত্যেক বছৰে বিনামূলীয়াকৈ পাঠদান যোগান ধৰি অহা গোগামুখ আছুৱে এইবাৰ এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। ধেমাজি, লক্ষীমপুৰ জিলাৰ লগতে গোগামুখৰ নিৱনুৱা যুৱক-যুৱতীসকলৰ বাবে কঢ়িয়াই আনিছে এক আশাৰ বতৰা, কিয়নো গোগামুখ আছুৰ উদ্যোগত দিয়া হৈছে ৰে’লৱে নিযুক্তি পৰীক্ষাৰ প্ৰশিক্ষণ শিবিৰ।
অভিজ্ঞ শিক্ষকৰ দ্বাৰা দিয়া হৈছে এই প্ৰশিক্ষণ। ১১ জুলাইৰ পৰা ৩০ জুলাইলৈ হ'ব লগীয়া প্ৰশিক্ষণ শিবিৰত শতাধিক শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ যোগদান কৰিছে। উল্লেখ্য যে গোগামুখ অঞ্চলত গ্ৰহণ কৰা ছাত্ৰ সন্থাৰ এনে ধৰনৰ প্ৰশংসনীয় পদক্ষেপক গোগামুখৰ সচেতন মহলে শলাগ লোৱাৰ লগতে আদৰণি জনাইছে।