নুমলীগড় তেল শোধনাগাৰৰ বিশেষ উন্নয়নমূলক আঁচনি

 07/14/2019 - 18:48

নুমলীগড়ঃ নুমলীগড় তেল শোধনাগাৰে হাতত লৈছে বিশেষ উন্নয়নমূলক আচনি। আচনিখনৰ নামকৰণ কৰা হৈছে সামাজিক উন্নয়ন মূলক আঁচনি৷ আঁচনিখনৰ লক্ষ্য হ’ল গোলাঘাটৰ মৰঙী অঞ্চলৰ বাণিজ্যিক কেন্দ্ৰ দৈগ্ৰোং আৰু প্ৰশাসনিক কেন্দ্ৰ ২ নং দৈগ্ৰোঙ পুৰাবাংলাক আটক ধুনীয়াকৈ সজাই তোলা, দৈগ্ৰোঙ-পুৰাবাংলাত ফুটপাথৰ কাষত হ’ব ৰেলিং।

যাত্ৰীসকলৰ বাবে সাজিব আটকধুনীয়া জিৰণি চৰা। লগতে দৈগ্ৰোঙ-পুৰাবাংলাত নিশা পোহৰাই তুলিব ষ্ট্ৰীট লাইটে। ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত হ’ব টাইলচৰ পদপথ, নিৰ্মাণ হ’ব বহুকেইটা শৌচাগাৰ৷ ঘাইপথৰ কাষে কাষে ৰোপণ কৰা হ’ব ফুল৷ মানুহৰ মাজত আঁচনিখনক লৈ ব্যাপক উচাহ উদ্দীপনা দেখা গৈছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।