কংগ্ৰেছত যোগদান সমাজবাদী পাৰ্টীৰ চাৰিজন বিধায়কৰ

 03/24/2019 - 13:35

ডিজিটেল ডেস্ক: ৰাজনৈতিক দলসমূহে আগন্ত্তক লোকসভা নিৰ্বাচনৰ বাবে যুদ্ধংদেহী প্ৰস্তুতি চলাইছে। শনিবাৰে সমাজবাদী পাৰ্টী আৰু বহুজন সমাজ পাৰ্টীৰ চাৰিজন বিধায়কে কংগ্ৰেছত যোগদান কৰে।

উত্তৰ প্ৰদেশত যদিও কংগ্ৰেছক বাদ দি সমাজবাদী পাৰ্টী আৰু বহুজন সমাজ পাৰ্টীৰ দুয়োটা দলে যৌথভাৱে নিৰ্বাচনত নামিছে তথাপিও সমাজবাদী পাৰ্টী আৰু বহুজন সমাজ পাৰ্টীৰ চাৰিজন বিধায়কে আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে।

প্ৰিয়ংকা গান্ধীৰ ৰাজনৈতিক ক্ষেত্রখনত আগমনৰ লগে লগেই বিৰোধীদলসমূহৰ নেতাসকলেও কংগ্ৰেছত যোগদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। বহুজন সমাজ পাৰ্টীৰ পূৰ্বৰ তিনিজন বিধায়ক ক্ৰমে ড ধৰ্মপাল সিং, সূৰজ পাল সিং আৰু ভগৱান সিং কুজবাহা। এই তিনিওজন নেতা নিজ নিজ সমষ্টিত যথেষ্ঠ সক্ৰিয়।

এইকেইজন নেতাৰ সক্ৰিয়তাই কংগ্ৰেছক যথেষ্ঠ পৰিমাণে সহায় কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে লগতে প্ৰতাপগড়ৰ সমাজবাদী পাৰ্টীৰ জিলা অধ্যক্ষ ৰামসিঙেও কংগ্ৰেছত যোগদান কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।