নলবাৰীত বানপীড়িতৰ কাষত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

 07/14/2019 - 19:12

নলবাৰীঃ আহাৰ মহীয়া বানত ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে নলবাৰীৰো ভিন্ন প্ৰান্তৰ প্লাৱিত হৈছে। জিলাখনৰ পশ্চিম নলবাৰী অঞ্চলত মৰা পাগলাদিয়া আৰু বুঢ়াদিয়া নৈৰ বানপানীৰ কবলত পৰা বানপীড়িতৰ কাষত উপস্থিত হ’ল উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী। জিলাখনৰ লখোপুৰ, খেলুৱা, হেলোচা খেলুৱা, বৰবিলা, শোলমাৰী, আমনি, চামতাৰ লগতে প্ৰায়বোৰ বানপীড়িত অঞ্চলত উপস্থিত হৈ ৰাইজৰ বুজ লয়।

অন্যহতে বানপীড়িত অঞ্চলত সা-সুবিধাৰ কৰি দিয়াৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। ইফালে কিছুদিন পূৰ্বে লখোপুৰত থকা বুঢ়াদিয়া নৈৰ কাঠৰ দলংখন বুঢ়াদিয়া নৈৰ কোবাল সোঁতত উটুৱাই নিছিল। লখোপুৰত উপস্থিত মন্ত্ৰী পাটোৱাৰীয়ে কাঠৰ দলংখন ইতিমধ্যে পকী দলঙৰ বাবে অনুমোদন হৈ থকাৰ কথাও উল্লেখ কৰে। বানপানী কমাৰ পিছত পকী দলঙৰ কাম আৰম্ভ হ’ব বুলি মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। ইফাল পশ্চিম নলবাৰীত বানপানীয়ে কৃষি ভূমিও নষ্ট কৰি সংহাৰী ৰূপ ধাৰণ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।