মৰাণৰ ৰঞ্জুমণি গগৈ ফুকনলৈ মিছেছ ইণ্ডিয়া ইণ্টানেচনেল ইউনিভাৰ্চ ২০১৯ খিতাপ

 07/14/2019 - 19:42

মৰাণঃ গুৱাহাটী মাছখোৱা আইআইটি সাংস্কৃতিক প্ৰকল্প  প্ৰেক্ষাগৃহত ৭ জুলাইত অনুষ্ঠিত ইণ্ডিয়া ইণ্টাৰনেচনেল ফেশ্বন প্ৰতিযোগিতাত মৰাণৰ ৰঞ্জুমণি গগৈ ফুকনে মিছেছ ইণ্ডিয়া ইণ্টানেচনেল ইউনিভাৰ্চ ২০১৯ খিতাপ অৰ্জন কৰি মৰাণলৈ গৌৰৱ কঢ়িয়াই আনিছে।

মৰাণ খটখটি নন্দন নগৰৰ নিবাসী ক্ষিৰোদ গগৈ আৰু জ্যোতি গগৈৰ জ্যেষ্ঠা কন্যা ৰঞ্জুমণি গগৈয়ে মৰাণ মহাবিদ্যালয়ৰ পৰা ২০০৮ চনত স্নাতক ডিগ্ৰী লৈ ডিব্ৰুগড়ৰ চিকিৎসক ভৈৰৱানন্দ ফুকনৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ পাছত  এই সৌন্দৰ্য্য চৰ্চ্চাত মনোনিবেশ কৰে আৰু ২০১৭ চনৰ পৰাই অসমৰ বিভিন্ন স্থানত অনুষ্ঠিত কৰা এই সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠতা বঁটা  লাভ কৰিবলৈ সক্ষম হৈছে।

ৰঞ্জুমণি গগৈ ফুকনে ভৱিষ্যতে বেংকক, ফিলিপাইন আৰু শ্ৰীলংকাত অনুষ্ঠিত হ'ব লগীয়া আন্তঃৰাষ্ট্ৰীয় ফেশ্বন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বুলি জনায়। ৰঞ্জুমণি গগৈ ফুকনে তেওঁৰ লগতে কন্যা দীক্ষিতা ফুকনকো সৌন্দৰ্য চৰ্চ্চাত আগবঢ়াই নিয়াৰ উপৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰোৱাই প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।