খোৱাং আৰু লেজাই কলাখোৱা অঞ্চলত হাহাকাৰ বানাক্ৰান্তৰ

 07/14/2019 - 20:11

মৰাণঃ ডিব্ৰুগড় জিলা মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত বহুকেইটা পঞ্চায়তৰ ৰাইজে ভুগিছে যমৰ যাতনা৷ বাঢ়নি পানীৰ ফলত জলমগ্ন হৈ আছে সমগ্ৰ অঞ্চল।

বৃহত্তৰ খোৱাং অঞ্চলৰ আৰু লেজাই কলাখোৱা অঞ্চলত হাজাৰ হাজাৰ পৰিয়ালৰ খেতি পথাৰ, পশুধন, খাদ্যৰ লগতে , বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিছে সাধাৰণ জনতাই৷

বছৰ বছৰ ধৰি প্ৰতি বছৰে উৎসৱৰ দৰে হোৱা এই জলন্ত সমস্যাৰ পৰা কেনেদৰে কেতিয়াকৈ ৰক্ষা পাব এইসকল খেতিৰ ওপৰত নিৰ্ভৰ কৰা গঞা ৰাইজে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।