খোৱাঙৰ বান পৰিস্থিতি বুজ ল'লে বিধায়ক চক্ৰধৰ গগৈয়েঃ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস

 07/14/2019 - 20:22

খোৱাংঃ ডিব্ৰুগড় জিলাৰ খোৱাং গাঁও পঞ্চায়তৰ অন্তৰ্গত ৮ নং ৱাৰ্ডৰ  মইনা গাঁ‌ৱৰ পৰা দীঘলীছিগা সংযোগী ৰিংবান্ধটো শুক্ৰবাৰে নিশা প্ৰায় ৫০ মিটাৰ দৈৰ্ঘ্য বুঢ়িদিহিং নদীৰ বাঢ়নী পানীয়ে  ছিঙি পেলোৱাৰ ফলত মইনা গাঁ‌ৱৰ এক বিস্তৃৰ্ণ এলেকা প্লাৱিত হৈ পৰিছিল। ৰাইজৰ মাজত সৃষ্টি হৈছিল এক হাহাকাৰ পৰিস্থিতি। আনহাতে আজি বান পৰিস্থিতি কিছু উন্নত হোৱাত বানাক্ৰান্ত লোকসকল নিজা বাসগৃহলৈ ৰাওনা হৈছে।

বৃহত্তৰ খোৱাং অঞ্চলৰ হালধীবাৰী, মইনাগাঁও, জোন গাঁও, দলনিকুৰৰ লগতে লেজাই, কলাখোৱা, কোটোহা, ভঙামুৰ আদি অঞ্চল বাঢ়নী পানীৰ কবলত পৰিছে। লগতে অনিষ্ট হৈছে সহস্ৰাধিক লোকৰ বহু হেক্টৰ কৃষি ভূমি। অৱশ্যে আজি বতৰ কিছু ফৰকাল হোৱাত বান পৰিস্থিতি কিছু উন্নত হৈছে। আনহাতে আজি জোনগাঁ‌ৱৰ বানাক্ৰান্ত ৰাইজৰ ওচৰত মৰাণ ৰাজহচক্ৰ বিষয়াৰ লগতে কেইবাজনো চৰকাৰী বিষয়া উপস্থিত হৈ চাউল, দাইল, নিমখ আদি বিতৰণ কৰাৰ লগতে মৰাণ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা বানাক্ৰান্ত লোকসকলক বিশুদ্ধ খোৱাপানী যোগান ধৰে।

ইফালে অঞ্চলটোত খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ তৰফৰ পৰা এক স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ লগতে পশু চিকিৎসা বিভাগৰ পৰাও পহু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে। আজি জোনগাঁ‌ৱৰ বানাক্ৰান্ত ৰাইজৰ ওচৰত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ উপস্থিত হৈ বানাক্ৰান্ত ৰাইজৰ সমস্যা বুজ লৈ যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অঞ্চলটোত ভ্ৰাম্যমাণ স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ আশ্বাস দিয়ে ৰাইজক। বিধায়কগৰাকীৰ লগতে নাহৰণি জিলা পৰিষদৰ সদস্যা মামু হাজৰিকায়ো বানাক্ৰান্ত লোকসকলৰ সমস্যাৰ বুজ লয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।